জমনি কবিতা - অসমীয়া ৰগৰ

অসমীয়া মানুহে হেনো প্রাণ খুলি হাহিঁব নাজানে। অসমীয়াই হহাঁৰ ক্ষেত্ৰত ভাৰতৰ অন্যান্য জাতিৰ তুলনাত অলপ কৃপণ। ইয়াৰ কাৰণ ঐতিহাসিক,সামাজিক,ৰাজনৈতিক নাইবা আত্ম পৰিচয় হেৰুওৱাৰ আশংকা এইবোৰ তত্ত্বগধুৰ বিষয়লৈ আমি নাযাওঁ। আমি কেৱল জানো হহাঁটো স্বাস্থ্যৰ কাৰণে ভাল, স্বাস্থ্য ভাল থাকিলে মনো ভাল থাকে। গতিকে দৈনন্দিন ব্যস্ততাৰ মাজতো দুই এটা খুহুটীয়া কথাৰ মাজেৰে আহক চোন আমিও জীৱনটো উপভোগ কৰোঁ।

test
LightBlog

Sunday, 2 July 2017

জমনি কবিতা


---------------------------------

ছাগলীৰ নেজ চুটি চুটি ,
কুকুৰৰ নেজ বেঁকা ,
আনৰ ঘৈণীবোৰ মৰম লগা
নিজৰ জনিহে বেয়া ।।

ব্ৰয়লাৰ মুৰ্গীৰ দাম কম ,
লোকেল মুৰ্গীৰ বেছি ,
গহণা- কাপোৰ কিনি দিলে
পত্নী হৈ যায় সুখী ।

মেকুৰীয়ে মাতে মিউ মিউ ,
কুকুৰে কৰে ঘেউ,
ছোৱালীৰ মন বুজিব পৰাকৈ
দুনীয়াত নাই কেউ ।

ঢকা মাৰে পিঠিতে ,
ঘুচা মাৰে নাকত ,
পাৰ্লাৰত গৈ ছোৱালীবোৰে
ময়দা সানে মুখত ।
-----------------------------
কেইটা মান চিঠিৰ ডাইলগ---------
--------------------------------
.....................মৰমৰ......

i বুলি ধৰিলো কলম
Love বুলি পঠালো মৰম।
নতুন বাৰিৰ নতুন জিকা
চিঠি লিখিবলৈ এই প্ৰথম শিকা।

দৰ্জা চুকৰ মকৰা জাল
তুমিয়েই মোৰ প্ৰথম মাল।
আকাশী লতাৰ শিপা নাই
তোমাৰ সমান ধুনীয়া নাই।

পুখুৰীৰ পাৰে পাৰে নাৰিকলৰ পুলি
নাভাবিবা তোমাক পাহৰিলো বুলি।

একত্ৰিছ বত্ৰিছ তেত্ৰিছ
এয়াই মোৰ চিঠি লিখাৰ প্ৰেকটিছ।
ৰেলৰ দবা ঘটং মটং
তোক নাপালে জিনদাগি খতম।

চুলাই পানীৰ যিমান নিছা
মোৰ কথা সিমানেই সঁছা।
আলমাৰিৰ কাপোৰ জাপ জাপ
কাঁহি বাতি ঠাক ঠাক
মোৰ হাতৰ আখৰ দেখি
নাহাহিবা ফাক ফাক ।

ঘৰত যদি আলু আছে
মাংসৰ লগত খাবা।
মোলৈ যদি মৰম আছে
চিঠিৰ উত্তৰ দিবা।।

যোৰহাটৰ চিয়াঁহী
গোলাঘাটৰ  কলম
চিঠিৰ উত্তৰ দিয়াত
নকৰিবা পলম।।।

কৃষ্ণ কৃষ্ণ বেয়া নাপায় যেন

প্ৰেমৰ চিঠিৰ মাদকতা --মিঠা নষ্টালজিয়া