__ হেল্ল' !! বাচত উঠিলানে ?
,
__ বহি আছো । যাবই এতিয়া । ষ্টাৰ্ট দিলেই !!
,
__ তোমাৰ কাষত কোন বহিছে ?
,
__অচিনাকি পেচেঞ্জাৰ এজন বহিছে !
,
__ সেইটো মইও জানো । কিন্তু ল'ৰা নে ছোৱালী , সেইটোহে সুধিছো ।
,
__ বয়সীয়াল আংকল এজন বহিছে অ' !
,
__ মিছা ক'ব নালাগে । তুমিতো ছোৱালী বহি থকা চিটত হে যে বহিবা , সেইটো মই ভালকৈয়ে জানো । ফেচবুকতো তুমি কাষত বহা ছোৱালীক লৈ ৰগৰ লিখিয়েই থাকা !!
,
__ সেইবোৰ মিছাকৈয়ে লিখো অ' !! সঁচা কথা লিখিলেনো ক'ত ইমানগাল লাইক আহিব ?
,
__ হ'ব । মোক ফিল'চপি শুনাব নালাগে । তোমাৰ কাষত ছোৱালীয়েই বহিছে । তাইক ফোনটো দিয়াছোন ।
,
__ সঁচাকে কৈছো অ' !! মোৰ কাষত আংকল এজনেই আছে !
,
__ থিক আছে । তেনেহ'লে তেওঁকেই ফোনটো দিয়াচোন ।
,
__ কি কথা কৈছাহে ? অচিনাকি মানুহ এজনক , মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতক বুলি কেনেকৈ কম ? মই নোৱাৰো দেই !!
,
__ মই জানোৱেই !! তোমাৰ কাষত ছোৱালীয়েই বহিছে । ফোনটো দিয়া তাইক ।
,
__ সঁচাকে কৈছো অ" !! আংকল এজনেই আছে ।
,
__ তেনেহ'লে তেওঁক ফোনটো দিয়া ! ভয় কৰিছা কিয় ? তোমাৰ শহুৰ বুঢ়া নেকি তেওঁ ?
,
__ নোৱাৰো দেই !! মানুহজন বহুত খঙাল যেন লাগিছে !!
,
__ ফোনটো দিবানে ? নে ৰিলেচন ব্ৰেকআপ কৰিবা ? কোৱা !!
,
__ থিক আছে । দিছো ৰ'বা !!
,
__ এনেকে নহয় । ভীডিঅ' কল কৰা । ইম'ত যোৱা ।
,
__ কি ? ভীডিঅ' কল ?
,
__ অ' !! নহ'লে তুমি ঠগিবও পাৰা !! এনেইও তুমি যাৰ তাৰ মাত উলিওৱাত খুবেই এক্সপাৰ্ট !!
,
__ থিক আছে । ২ মিনিট ৰ'বা !
,
২ মিনিটৰ পিছত , ল'ৰাটোৱে ভীডিঅ' কল ক্লিক কৰিলে আৰু কাষৰ মানুহজনক বুজাই বঢ়াই ইম' অন কৰি মোবাইলটো তেওঁৰ হাতত দিলে !
আৰু
মানুহজনক ক'লে = প্লিজ আংকল !! মোৰ প্ৰেমিকাক আপুনি জাষ্ট হাতখন দাঙি হাই এটা দিয়ক না !!
,
মানুহজনে হাই ক'বলৈ নেপালেই !!
তাৰ
আগতেই ছোৱালীজনিয়ে
ক'লে = হাই আংকল !! ফ্ৰণ্ট কেমেৰাটোৰ ফালে অলপ ভালকৈ চাওকচোন । আপোনাৰ মূখখন ভালকৈ অহাই নাই !!
,
মানুহজনে মোবাইলটো অলপ লৰচৰ কৰি ক'লে = মাজনি ! এতিয়া ভালকে দেখিছানে ?
,
ভীডিঅ' কলত দুয়োজনৰে চকুৱে চকুৱে পৰিল । দুয়ো আছৰিত হৈ গ'ল । তেওঁলোকৰ মূৰত যেন সৰগ হে ভাগি পৰিল ।
চিঞৰ মাৰি ছোৱালীজনিয়ে ক'লে = দেউতা !! আপুনি ???
,
আছৰিত হৈ মানুহজনে
ক'লে = চুম !! তই ?? তইও এইবোৰহে কৰি আছ ? ৰহ , আজি ঘৰ গৈ পাবলৈ দে !!!!
,
,
,
(বয়ফ্ৰেণ্ডক জোখত কৈ অধিক সন্দেহ কৰিলে , এনেকুৱাই হয় !!)
Sunday, 2 July 2017
Home
Unlabelled
Assamese funny love story
Assamese funny love story
About Admin
Soratemplates is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of soratemplates is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.