ফেচবুক আশীৰ্বাদ - অসমীয়া ৰগৰ

অসমীয়া মানুহে হেনো প্রাণ খুলি হাহিঁব নাজানে। অসমীয়াই হহাঁৰ ক্ষেত্ৰত ভাৰতৰ অন্যান্য জাতিৰ তুলনাত অলপ কৃপণ। ইয়াৰ কাৰণ ঐতিহাসিক,সামাজিক,ৰাজনৈতিক নাইবা আত্ম পৰিচয় হেৰুওৱাৰ আশংকা এইবোৰ তত্ত্বগধুৰ বিষয়লৈ আমি নাযাওঁ। আমি কেৱল জানো হহাঁটো স্বাস্থ্যৰ কাৰণে ভাল, স্বাস্থ্য ভাল থাকিলে মনো ভাল থাকে। গতিকে দৈনন্দিন ব্যস্ততাৰ মাজতো দুই এটা খুহুটীয়া কথাৰ মাজেৰে আহক চোন আমিও জীৱনটো উপভোগ কৰোঁ।

test
LightBlog

Monday, 3 July 2017

ফেচবুক আশীৰ্বাদ


ভাল বোলে কুশল কৰক, কৈল্যান কৰক নেট
স্পীড
ডাবল কৰি , ব্লক দেৱতা, টেগ দেৱতা, হেক
দেৱতাৰ
পৰা ৰক্ষা কৰি আগলৈকে এইদৰে একো
একোটা অৱান্তৰ
পোষ্ট দি, লাইক, কমেন্ট গোটাবলৈ তেজ
বল
শক্তি দি গোবিন্দে নিৰ্বিঘ্নে কৃপা
কৰিব
লাগে ৷ আৰু
ভাল বোলে লিখিব লাগিছিল
নিজে চিন্তা কৰি কিন্তু
আনিলে লোকৰ টাইমলাইনৰ পৰা চোৰ কৰি, ইয়াতো যদি পোষ্ট কৰোঁতাৰ
কোনোবা খিনিত
দোষাদোষ আছে ,সৰ্বদোষ
মাৰ্জনা কৰি সেৱকীৰ
প্ৰফাইল পিকচাৰত হাজাৰ হাজাৰ লাইক
আহক,
ভাল
ভাল কমেন্ট পাওক লগতে বন্ধুবৰ্গই যেন
মিনিটে মিনিটে সেৱকীৰ প্ৰফাইলত জেঠী, মকৰা,
পইতাচোৰাৰ ফটোৰে টেগ
কৰি শান্তি নোহোৱা কৰি, এণ্ড্ৰ'য়ড মোবাইলৰ বেটাৰীৰ
দিনে ৰাতিয়ে ফুল চাৰ্জ
থাকক এইহে প্ৰাৰ্থনা ৷
আৰু ভাল বোলে সেৱকীয়ে এটা ৰিপ'ৰ্ট
মাৰি সেৱা ধৰিছে প্ৰিঞ্চেচ, এঞ্জেল
সকলে লগে লগে মেছজৰ ৰিপ্লাই দিয়ক, বিছাৰিলেই
মোবাইল নম্বৰ দিয়ক, ফেক আই ডিৰ
পাল্লাত
নপৰক,
নেটকাৰ্ডৰ দাম কমক,
লগতে বছৰটোলৈ যেন সেৱকীক গ্ৰুপ
দেৱতাই
জধে মধে গ্ৰুপ এগালত নাম ভৰ্ত্তি কৰি
নৰক
যন্ত্ৰণা নোপোৱাই
ইয়াকে কামনা কৰি ফেকবুক
দেৱতা নিজগুণে প্ৰসন্ন হৈ সেৱকীক
নিৰাপদে ৰক্ষা কৰি কৃপা কৰিব লাগে ৷
কৃষ্ণ
কৃষ্ণ
অউউ,,,,হৰি, অউউ,,,,,ৰাম !