নতুন টায়াৰত - অসমীয়া ৰগৰ

অসমীয়া মানুহে হেনো প্রাণ খুলি হাহিঁব নাজানে। অসমীয়াই হহাঁৰ ক্ষেত্ৰত ভাৰতৰ অন্যান্য জাতিৰ তুলনাত অলপ কৃপণ। ইয়াৰ কাৰণ ঐতিহাসিক,সামাজিক,ৰাজনৈতিক নাইবা আত্ম পৰিচয় হেৰুওৱাৰ আশংকা এইবোৰ তত্ত্বগধুৰ বিষয়লৈ আমি নাযাওঁ। আমি কেৱল জানো হহাঁটো স্বাস্থ্যৰ কাৰণে ভাল, স্বাস্থ্য ভাল থাকিলে মনো ভাল থাকে। গতিকে দৈনন্দিন ব্যস্ততাৰ মাজতো দুই এটা খুহুটীয়া কথাৰ মাজেৰে আহক চোন আমিও জীৱনটো উপভোগ কৰোঁ।

test
LightBlog

Sunday, 2 July 2017

নতুন টায়াৰত

এখন নতুন ট্ৰাক ডীলাৰৰ পৰা ওলাই হাইৱেত উঠাৰ লগে-লগে এটা কুকুৰ ট্ৰাকৰ পিছে-পিছে লৰ মাৰিলে।
তাক দেখি আৰু এটা কুকুৰো লৰ মাৰিলে।
এইদৰে কেইবাটাও কুকুৰ এটাৰ পিছত এটা গৈ থাকিল।
কিছুদুৰ যোৱাৰ পিছত একেবাৰে শেষৰ কুকুৰ টোৱে আগৰটোক সুধিলে,
'তই কিয় দৌৰি আছ ?'
ইটোৱে কলে 'আগৰটো দৌৰি আছে কাৰনে ময়ো দৌৰি আছো ।'
এইদৰে প্ৰত্যেকটো কুকুৰে আগৰটোক একেটা প্ৰশ্নকে সুধিলে।শেষত একেবাৰে আগত থকা কুকুৰটোৰ পাল পৰাত সি উত্তৰ দিলে 'মই এই ট্ৰাক খন ৰখালৈ বাট চাই আছো।চালা, নতুন টায়াৰত মুটি বৰ মজা লাগে, বে ! 😂😂