ঘৈণীয়েক : হেৰা, এই GST বস্তুটো কি হে? - অসমীয়া ৰগৰ

অসমীয়া মানুহে হেনো প্রাণ খুলি হাহিঁব নাজানে। অসমীয়াই হহাঁৰ ক্ষেত্ৰত ভাৰতৰ অন্যান্য জাতিৰ তুলনাত অলপ কৃপণ। ইয়াৰ কাৰণ ঐতিহাসিক,সামাজিক,ৰাজনৈতিক নাইবা আত্ম পৰিচয় হেৰুওৱাৰ আশংকা এইবোৰ তত্ত্বগধুৰ বিষয়লৈ আমি নাযাওঁ। আমি কেৱল জানো হহাঁটো স্বাস্থ্যৰ কাৰণে ভাল, স্বাস্থ্য ভাল থাকিলে মনো ভাল থাকে। গতিকে দৈনন্দিন ব্যস্ততাৰ মাজতো দুই এটা খুহুটীয়া কথাৰ মাজেৰে আহক চোন আমিও জীৱনটো উপভোগ কৰোঁ।

test
LightBlog

Sunday, 2 July 2017

ঘৈণীয়েক : হেৰা, এই GST বস্তুটো কি হে?

ঘৈণীয়েক :  হেৰা, এই  GST বস্তুটো কি হে?

গিৰীয়েক : GST বস্তুটো আচলতে পটকৈ বুজি নাপাবা।‌ কথাটো এনেকুৱা ধৰণৰ।‌ মই যেতিয়া তোমাক বিয়া পতা নাছিলোঁ, তেতিয়া দেৰিকৈ ঘৰ সোমালে  দৰজাখনৰ মুখতে ভনীজনীক কৈফিয়ৎ দিব লাগিছিল কিয় দেৰী হ'ল।‌ তাৰ পিছত মাক ক'ব লাগিছিল আৰু একেবাৰে শেষত দেউতাক জবাব দিব লাগিছিল কিয় দেৰী হ'ল।‌ কিন্তু বিয়াৰ  পিছৰেপৰা মই কিয় দেৰী হ'ল তাৰ জবাব কেৱল তোমাক দিলেই হৈ যায়।‌ মা-দেউতা-ভণ্টীক নিদিলেও হয়।‌ থূলমূলকৈ GST সেইটোৱেই।‌  বুজিলা !!