GST ঘেণ্টা বুজিব !!! - অসমীয়া ৰগৰ

অসমীয়া মানুহে হেনো প্রাণ খুলি হাহিঁব নাজানে। অসমীয়াই হহাঁৰ ক্ষেত্ৰত ভাৰতৰ অন্যান্য জাতিৰ তুলনাত অলপ কৃপণ। ইয়াৰ কাৰণ ঐতিহাসিক,সামাজিক,ৰাজনৈতিক নাইবা আত্ম পৰিচয় হেৰুওৱাৰ আশংকা এইবোৰ তত্ত্বগধুৰ বিষয়লৈ আমি নাযাওঁ। আমি কেৱল জানো হহাঁটো স্বাস্থ্যৰ কাৰণে ভাল, স্বাস্থ্য ভাল থাকিলে মনো ভাল থাকে। গতিকে দৈনন্দিন ব্যস্ততাৰ মাজতো দুই এটা খুহুটীয়া কথাৰ মাজেৰে আহক চোন আমিও জীৱনটো উপভোগ কৰোঁ।

test
LightBlog

Sunday, 2 July 2017

GST ঘেণ্টা বুজিব !!!

এটা পাৰ পোহক। প্রথমেই পাৰটি পাল্লাত ওজন কৰি লওক।
এইবাৰ ১ কিলো চাউল লওক। আপোনাৰ লক্ষ্য হ'ব ১০ দিনৰ ভিতৰত ১ কিলো চাউল পাৰটোক খুৱাই দিয়া।
পাৰটোৱে যিমানে খাব, সিমানে হাগিব। ১০ দিনৰ সমস্ত হগাখিনি যত্নেৰে এটা বাতিত জমা কৰি ৰাখক।
১০ দিনৰ পাছত পাৰটোৱে যেতিয়া ১ কিলো চাউল খাই পেলাইছে আৰু হাগি পেলাইছে, তেতিয়া সব হগা একেলগে ওজন কৰক। চাওক ১ কিলো চাউলৰ বদলি আপুনি কিমান হগা পালে।
আপুনি দেখিব মাত্র ২০০ গ্রাম হগা পাইছে !
আৰু দেখিব এই ১০ দিনত ১ কিলো চাউল খাই পাৰটিৰ ওজন ১০০ গ্রাম বাঢ়িছে।
তাৰমানে ৩০০ গ্রামৰ (২০০ গ্রাম হগা + ১০০ গ্রাম ওজন বৃদ্ধি) হিচাপ পোৱা গৈছে।
আপুনি বুজিব পাৰিলে নে, ৭০০ গ্রাম চাউলৰ ওজন ক'ত গ'ল?
?
?
?
?
?
বুজি নাপালে ?!?
তেনেহ'লে আপুনি GST ঘেণ্টা বুজিব।