____( যুগুতালে © পাতালপুৰৰ গৱেষক ভাস্কৰ জ্যোতিয়ে )
✿মেষ_ প্ৰেমত ক'লা নিমখ ।
বিদ্যাত স্পীডবেকাৰ । যাত্ৰাত টকা হেৰালে ঘামেৰে গা ধুব লগা হ'ব ।
----
✿ বৃষ_ বিদ্যাত ভগা জখলা ।
প্ৰেমত শালমইনা । টকা থাকিলেও তলি উদং । চাকৰিত হাবাথুৰি । খোজ কাঢ়োঁতে ভৰি আঙুলি উফৰিব ।
-
✿মিথুন_ প্ৰেমত শিলগুটি ।
বিদ্যাত পালতৰা নাও । ধনস্থানত ৰাহু আয়কৰ । শৰীৰ ঘামচিময় । নাৰিকলৰ জাবৰিত ভোট জলকীয়াৰ ৰস সানি গা ধুলে চকুৰে সোণ দেখিব ।
--
✿কৰ্কট_ কেঁকোৰা খাই কেঁকোৰাচেপা দি প্ৰেম কৰক ।
সুফল পাব । বিদ্যাত হোৱাটচ এপৰ বাধা । টকা থাকিলে সুৰা চোবাই খাব ।
---
✿সিংহ_ নিগনি পুহি সিংহৰ দৰে গোঁজৰণি মাৰক । প্ৰেমত বাধা নায় । বিদ্যাত কু - বিদ্যা । ধন হেৰাই পাব । কিন্তু বাটত আপুনি হেৰাব ।
----
✿কন্যা_ প্ৰেমত বিদ্যা , ধন চেটেপ কুইন্টল শিলগুটি । বাহন তীব্ৰ গতিত চলাই জীৱনৰ আয়ুস বঢ়াব ।
-----
✿তুলা_ ৰাজনীতিত নামি সাঁতুৰিলে বগা টকা পাব খাটাং ।
পিটন খালে মৰ্টন খাব । প্ৰেমত নৰক । নৰকত নৃত্য সুখ ।
------
✿বৃশ্চিক_ সপোন ভাগিলে আঠা লগাব । প্ৰেমত ডাইভাচ । বিদ্যাত কেনভাচ । ধনৰ বাবে আজুৰিব বন । ৰ'দৰ বাবে গালত এসপ্তাহ পুৰণি গো-মুত্ৰ সানিব ।
-------
✿ধনু _ পৰকীয়া প্ৰেমত সাফল্য ।
বিদ্যাত অন্ধেৰা কায়ম ৰহেগা ।
জুৱাত ধন পাব । ঘৰত পত্নীৰ হাতৰ বেলনা মাৰিৰ মৰম পাব ।
--------
✿মকৰ_ নতুন প্ৰেমত সফল ।
গছৰ পৰা পৰি বিহাৰ পাব ।
মকৰা এটা দিনে তিনিবাৰ খাব ।
চাকৰিত ঘোচ ।
---------
✿কুম্ভ_ প্ৰেমত গভীৰ অপেক্ষা ।
খঙৰ কোবত বিদ্যা পলাব ।
ভ্ৰমণত টায়াৰ ফুটিব ।
ধন আহিব । পকেট ফুটিব ।
----------
✿মীন_ প্ৰেমত হিংসা , আন্দোলন ।
বিদ্যাক বাদ দিয়া ভাল । বেমাৰত ঠাণ্ডা বিয়েৰ খাব । ব্যৱসায়ত ডিচব্ৰেক ।
ভ্ৰমণত গায়ব ।।😜
Sunday, 2 July 2017
Home
Unlabelled
আগতীয়াকৈ প্ৰকাশ পালে জুলাই মাহৰ ৰাশিফল
,এই মাহটো আপোনাৰ কেনে যাব ?
আগতীয়াকৈ প্ৰকাশ পালে জুলাই মাহৰ ৰাশিফল ,এই মাহটো আপোনাৰ কেনে যাব ?
About Admin
Soratemplates is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of soratemplates is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.