#মধ্যবিত্তৰGST: - অসমীয়া ৰগৰ

অসমীয়া মানুহে হেনো প্রাণ খুলি হাহিঁব নাজানে। অসমীয়াই হহাঁৰ ক্ষেত্ৰত ভাৰতৰ অন্যান্য জাতিৰ তুলনাত অলপ কৃপণ। ইয়াৰ কাৰণ ঐতিহাসিক,সামাজিক,ৰাজনৈতিক নাইবা আত্ম পৰিচয় হেৰুওৱাৰ আশংকা এইবোৰ তত্ত্বগধুৰ বিষয়লৈ আমি নাযাওঁ। আমি কেৱল জানো হহাঁটো স্বাস্থ্যৰ কাৰণে ভাল, স্বাস্থ্য ভাল থাকিলে মনো ভাল থাকে। গতিকে দৈনন্দিন ব্যস্ততাৰ মাজতো দুই এটা খুহুটীয়া কথাৰ মাজেৰে আহক চোন আমিও জীৱনটো উপভোগ কৰোঁ।

test
LightBlog

Sunday, 2 July 2017

#মধ্যবিত্তৰGST:

আমি মধ্যবিত্ত মানুহ  । আমাৰ বাবে GST  ৰ টেকনিকেল কথাবোৰ গুৰুত্বপূৰ্ণ নহয়। বুজিও নেপাওঁ। আমাৰ বাবে কি কি বস্তুৰ দাম বাঢ়িব সেইটোহে ডাঙৰ কথা ।

#দাম বাঢ়িব >>>>

১) #সোনৰ মূল্য  ::
আশাৰে বিয়াত বহিম বুলি ভাবি থকা সকলৰ বাবে দুঃখবৰ । জুলাইৰ পৰা সোনৰ দাম বাঢ়িব । পূৰ্বৰ এক শতাংশ কেন্দ্ৰীয় শুল্ক কৰ আৰু এক শতাংশ VAT ৰ পৰিবৰ্তে এতিয়া তিনি শতাংশ GST দিব লাগিব ।

২) #বেংকসেৱা আৰু  বীমাৰ প্ৰিমিয়াম ::
বেংক ট্ৰেনজেকচন আৰু  স্বাস্থ্য, জীৱন, গাড়ী যিকোনো বীমাৰে প্ৰিমিয়াম পুৰ্বৰ ১৫% ৰ পৰা  ১৮% শতাংশলৈ বৃদ্ধি হব ।

৩) #হোটেল ৰেষ্টোৰা:

১০০০ টকাৰ ওপৰৰ হোটেলৰ ৰুম ভাড়াত ১২% ৰ পৰা ২৮% শতাংশ কৰ আৰোপ হব । একেই কথা ৰেষ্টোৰাৰ ক্ষেত্ৰতো প্ৰযোজ্য ।

৪) যদি গাড়ী বা  বাইক কিনিম বুলি ভাবিছে কালিলৈৰ ভিতৰতে কিনি লওক । নহলে যিকোনো গাড়ী বা বাইকত ২৮% GST ৰ লগত উপকৰ দিবলৈ ও সাজু হৈ থাকক।

৫) প্ৰেমিক বোৰৰ অৱস্থা আৰু শোচনীয় হব । এক তাৰিখৰ পৰা চকলেটৰ মূল্য বাঢ়িব । তাকো ২৮%

৬) মহিলা সকলৰ বাবেও বেয়া খবৰ::

যিকোনো সৌন্দৰ্য্যবৰ্ধক সামগ্ৰী, ছানস্ক্ৰীন  ল’শ্বন, শ্বেম্পূ, হেয়াৰ অয়ল, পাৰফিউম আৰু হেয়াৰ ডাইত ২৮% GST লাগিব ।

৭) এতিয়াৰ পৰা কাৰোবাৰ কাষলতি তল গোন্ধালেও কোনেও আপত্তি কৰিব নোৱাৰিব কাৰণ ডিঅ’ডৰেণ্টত ২৮% GST লাগিব ।

৮) কোনোবাই যদি আয়ুৰ্বেদিক সামগ্ৰী খাই স্বাস্থ্য বনাম বুলি ভাবি আছিল, তেওঁলোকৰ বাবেও বেয়া খবৰ । সকলো আয়ুৰ্বেদিক সামগ্ৰীৰ কৰ পূৰ্বৰ ৮% ৰ পৰা এতিয়া ১২% হব ।

৯) ঔষধৰ বজাৰত বিশেষ এটা প্ৰভাৱ নপৰে যদিও TB, HIV-AIDS, মেলেৰিয়া আৰু ডায়েবেটিক ৰোগৰ ঔষধৰ মূল্য সামান্য বৃদ্ধি পাব।

সদৌ শেষত আটাইতকৈ দুখৰ দিন আহি আছে ধপাত সেৱনকাৰী, ধূম্ৰপায়ী আৰু সুৰাপায়ী সকলৰ বাবে। এক তাৰিখৰ পৰা সকলো ধৰণৰ চিগাৰেট, গুটখা, পানমচলাৰ মূল্য বৃদ্ধি হব ।
VAT 69  হবগৈ GST 69

দাম কমিব গাখীৰ, দৈ, পণীৰৰ, এনে লাগিছে GST মানে যেন গো সেৱা টেক্স হে !
শেষত
সকলোলৈকে GST ৰ শুভকামনা যাচিলোঁ । আশাকৰো ভগবানে আপোনালোকক GST প্ৰদান কৰিবলৈ শক্তি দিয়ক।