STATUS !! - অসমীয়া ৰগৰ

অসমীয়া মানুহে হেনো প্রাণ খুলি হাহিঁব নাজানে। অসমীয়াই হহাঁৰ ক্ষেত্ৰত ভাৰতৰ অন্যান্য জাতিৰ তুলনাত অলপ কৃপণ। ইয়াৰ কাৰণ ঐতিহাসিক,সামাজিক,ৰাজনৈতিক নাইবা আত্ম পৰিচয় হেৰুওৱাৰ আশংকা এইবোৰ তত্ত্বগধুৰ বিষয়লৈ আমি নাযাওঁ। আমি কেৱল জানো হহাঁটো স্বাস্থ্যৰ কাৰণে ভাল, স্বাস্থ্য ভাল থাকিলে মনো ভাল থাকে। গতিকে দৈনন্দিন ব্যস্ততাৰ মাজতো দুই এটা খুহুটীয়া কথাৰ মাজেৰে আহক চোন আমিও জীৱনটো উপভোগ কৰোঁ।

test
LightBlog

Sunday, 2 July 2017

STATUS !!

এজনী ছোৱালীয়ে ফেচবুকত
স্টেটাচ এটা দিলে - ’মোৰ হাতত
মহে কামুৰিলে”
তাত কেইজনমান লৰাই কমেন্ট দিলে
লৰা ১ = অ... মাই গড। তুমি ঠিকে
আছাতো ?
লৰা ২ = প্লিজ বেবি,তুমি নিজৰ
কেয়াৰ লোৱা ।
লৰা ৩ = মধু, মই এতিয়াই তোমাৰ
ঘৰৰলৈ গৈ আছো, হস্পিতাললৈ
ওলোৱা।
লৰা ৪ = সেই মহটো জন্ম হৈয়ে মৰি
নগল কিয়?
সেই একেটা স্টেটাচ তপনেও কপি
কৰি ফেচবুকত দিলেে - "মোৰ হাতত
মহে কামুৰিলে”"।
তলত লৰাবিলাকে কমেন্ট দিলে
লৰা ১ = কি বে, নলাৰ কাষত শুই
আছিলি নেকি?
লৰা ২ = তয়ো মহজনীক কামুৰি দে,
হিচাব বৰাবৰ।
লৰা ৩ = ফটা আঠুৱাৰ মাজত শুলে মহে
কামুৰিবই।
লৰা ৪ = কচুৱা কিনি লবি
ভীক্ষাৰী।।😆